Male
🎤 [Verse 1]
শিৰত সেন্দুৰ ল’বা,
মূৰতে ওৰণি,
গাত পাটৰ সাজ পিন্ধি
কইনা হ’বা তুমি।
উদুলি-মুদুলি হ’ব ৰভাতলী,
ঢোলৰ চাপৰত বাজিব গধূলি।
দৰা হৈ আহিম তোমাৰ পদূলী,
কোনে ঐ তুলিব সুৱাগুৰি?
🎶 [Verse 2]
হাততে, কাণতে পিন্ধিবা গহনা,
জোৰোণত আনিম মৰমৰ উপহাৰ।
হেই মুগাৰ মেখেলা, পাটৰ চাদৰ,ৰিহা
মৰমৰ সুতাৰে দীঘে বানী বোৱা
হাতৰ মুঠি খাৰু
ঝুন ঝুন ঝুনুককৈ বাজিব
সুৱগা মণিধাৰ ডিঙিত জ্বিলিকিব
ওৰনিৰ তলতে যেন জোন জ্বলিব
দেহা ঐ আহিম দৰা সাজি
কোনে ঐ তুলিব সুৱাগুৰি
শিৰত সেন্দুৰ লবা
মুৰতে ওৰনি
গাত পাটৰে সাজ
পিন্ধি কইনা সাজি...
হেই হাততে দুলৰি কাষতে কলছি লৈ
গাৱৰে গোপিনী পানী" তুলিবগৈ
গাঠীয়ন বতি ফুল চন্দন তুলসী
দিব ফোট এটি ফুল চন্দন তুলসী
মাহ হালধীৰে নোৱাব ঐ
আয়তীয়ে গাব বিয়া নাম ঐ
আয়তীয়ে গাব বিয়া নাম ঐ
আগে দিয়া পাছে দিয়া পঞ্চ আয়তি
দুৰ্বা ঘাটৰ পানী আনি মূৰত দিয়াহি
অ'ই ৰাম মূৰত দিয়াহি
দেহা ঐ আহিম দৰা সাজি
কোনে ঐ তুলিব সুৱাগুৰি
শিৰত সেন্দুৰ লবা
মুৰতে ওৰনি
গাত পাটৰে সাজ
পিন্ধি কইনা সাজি
উদূলী মুদুলী হব ৰভাতলি
ঢোলে ঢগৰে ঐ
বাজিব গধূলী
দেহা ঐ আহিম দৰা সাজি
তোমাক ঐ নিম দোলাতে তুলি
তোমাক ঐ নিম দোলাতে তুলি
female
[Intro – Female Voice 🎤]
শিৰত সেন্দুৰ ল'ম মূৰতে ওৰণি
গাত পাতৰ সাজ পিন্ধি কইনা সাজি
[Male Voice 🎤]
শিৰত সেন্দুৰ ল'বা মুৰতে ওৰণি
গাত পাতৰ সাজ পিন্ধি কইনা সাজি
[Female Voice 🎤]
দেহা অ'ই আহিবা দৰা সাজি
[Male Voice 🎤]
তোমাক অ'ই নিম দোলাতে তুলি
[Female Voice 🎤]
উদূলি মুদূলি হ'ব ৰভাতলি
ঢোলে দগৰে অ'ই বাজিব গধূলি
[Male Voice 🎤]
উদূলি মুদূলি হ'ব ৰভাতলি
ঢোলে দগৰে অ'ই বাজিব গধূলি
[Female Voice 🎤]
দেহা অ'ই আহিবা দৰা সাজি
[Male Voice 🎤]
কোনে অ'ই তুলিব সোৱাগ গুৰি
[Female Voice 🎤]
হাততে কাণতে পিন্ধাবা গহনা
জোৰোণত আনিবা মহঙা মহঙা
[Male Voice 🎤]
অ' মুগাৰে মেখেলা পাতৰ চাদৰ ৰিহা
চমকা চমকা ফুলে গুনা কৰা
[Female Voice 🎤]
হাতৰ মুঠি খাৰু জুনুজুন জুনুককে বাজিব
ডিঙিৰ মণিধাৰি চকমক চকমক কৰিব
[Male Voice 🎤]
ওৰনিৰ তলতে যেন জোন জ্বলিব
[Female Voice 🎤]
দেহা অ'ই আহিবা দৰা সাজি
[Male Voice 🎤]
কোনে অই তুলিব সোৱাগ গুৰি
[Female Voice 🎤]
শিৰত সেন্দুৰ ল'ম মুৰতে ওৰণি
[Male Voice 🎤]
গাত পাতৰ সাজ পিন্ধি কইনা সাজি...
[Male Voice 🎤]
হেই......
হাততে দোনৰি কাষতে কলছী লৈ
গাৱৰে গোপিনী পানী তুলিব গৈ
[Female Voice 🎤]
হাততে দোনৰি কাষতে কলছী লৈ
গাৱৰে গোপিনী পানী তুলিব গৈ
[Male Voice 🎤]
মা হালধিয়ে নোৱাব অ'ই
[Female Voice 🎤]
আয়তীয়ে গাব বিয়া নাম অ'ই
[Male + Female Duet 🎶]
আয়তীয়ে গাব বিয়া নাম অ'ই
[Female Voice 🎤]
আগে দিয়া পাছে দিয়া পঞ্চ আয়তি
দুৰ্বা ঘাটৰ পানী আনি মূৰত দিয়াহি
অ'ই ৰাম মূৰত দিয়াহি
[Female Voice 🎤]
দেহা অ'ই আহিবা দৰা সাজি
[Male Voice 🎤]
কোনে অ'ই তুলিব সোৱাগ গুৰি
[Female Voice 🎤]
শিৰত সেন্দুৰ ল'ম মুৰতে ওৰণি
গাত পাতৰ সাজ পিন্ধি কইনা সাজি
[Male Voice 🎤]
উদূলি মুদূলি হ'ব ৰভাতলি
ঢোলে দগৰে অই বাজিব গধূলি।
[Female Voice 🎤]
দেহা অ'ই আহিবা দৰা সাজি
[Male Voice 🎤]
তোমাক অ'ই নিম দোলাতে তুলি
[Female Voice 🎤]
দেহা অ'ই আহিবা দৰা সাজি


0 Comments